জয়ন্ত কুমাৰ পাঠক
(লেখক আৰণ্যকৰ পৰিৱেশ শিক্ষা আৰু কাৰ্যক্ষমতা বৃদ্ধি বিভাগ (EECBD) ৰ সহকাৰী সঞ্চালক তথা ভাৰপ্ৰাপ্ত প্ৰধান।
তেজৰে কমলাপতি …
কাকো খাতিৰ নকৰা মানুহজনেও কিন্তু প্ৰকৃতিৰ ওচৰত মূৰ দোঁৱাইছিল৷ পৰম আকুলতাৰে তেওঁ প্ৰকৃতিৰ প্ৰতিপালন কৰিছিল৷ তেওঁৰ এই শ্ৰদ্ধা আৰু সমৰ্পন আছিল অকৃত্ৰিম৷ জীৱনৰ শেষ মুহূৰ্তলৈ তেওঁ কেৱল প্ৰকৃতি আৰু সময়ৰ ওচৰত শিৰ নত কৰিছিল৷ বৌদ্ধৰ আদৰ্শৰে অনুপ্ৰাণিত সেই ব্যক্তিত্বৰ বাবে প্ৰকৃতিয়েই আছিল ভগৱান৷
বন-বন্যপ্ৰাণী, হাবি-জংগল, নৈ-সাগৰ ভালপোৱা মানুহজন মানুহ আছিল৷ হয়, সন্দেহাতীতভাৱে মানুহেই আছিল৷ ভগৱান নাছিল৷ আমি অভাজনে নভবা, ভাবিব নোৱৰা, নকৰা, কৰিব নোৱৰা কামবোৰো তেওঁ কৰিছিল৷ আমাৰ বৌদ্ধিক মনস্তাত্বিক শাৰীৰিক মন্থৰতা, স্থবিৰতাৰ বিপৰীতে তেওঁ আছিল দূৰন্ত গতিশীল– সকলোতে৷ আমাৰ সাহস, সততা, পংকিলতা, জটিলতাৰ পৰা আমি ঢুকি নোপোৱা দূৰত্বত আছিল সেই আচল মানুহজন৷ আমি নিজৰ মাজত আৱদ্ধ হৈ এন্ধাৰৰ পৰা কাল অমানিশাৰ ফালে ধাৱমান হ’বলৈ লোৱাৰ বিপৰীতে তেওঁ লৈ ফুৰিছিল এচেৰেঙা আশাৰ পোহৰ– সকলোৰে বাবে সকলোৰে কাষত থাকি৷ আমি পৰস্পৰৰ কাষত থাকিও ক্ৰমশঃ ঢুকি নোপোৱা দূৰত্বত অৱস্থান কৰিবলৈ লোৱা জটিলতৰ সময়ত তেওঁ হৈ পৰিছিল সকলোৰে স্পন্দন৷
অচিনাকি হৈও তেওঁ আছিল সকলোৰে অভিন্ন৷ সহস্ৰজনৰ মাজত থাকিও একক, অনন্য আছিল সেই কিংবদন্তি পুৰুষ৷ অসাধ্য সাধনৰ কৃতসংকল্পক খনিকৰগৰাকী আকাশৰ তৰা নহয়, জোন আছিল– অসীমৰ মাজতো একক, অনন্য৷ সেই সত্য তেওঁ ভালদৰেই বুজিছিল৷ তেওঁৰ ব্যক্তিত্ব, প্ৰজ্ঞা, প্ৰতিভা, দক্ষতা, মানৱতা, সামাজিক দায়ৱদ্ধতাৰ বিশ্লেষণ কৰিব পৰাকৈ আমাৰ জ্ঞানৰ সীমাবদ্ধতা আছে৷ সেই স্পৰ্ধা নকৰো৷ সেয়া বিজ্ঞজনলৈ এৰিছো৷ অনেকে এই বিষয়ে ইতিমধ্যে বহু লিখিছে, কৈছে৷ সংগীতৰ পূজাৰী, মানৱহিতৈষী শিল্পীগৰাকী প্ৰকৃতিৰো আজন্ম প্ৰেমিক আছিল– স্মৃতিৰ এই খিৰিকিখন খুলি চোৱাৰ এয়া আমাৰ এক বিনম্ৰ প্ৰয়াসহে৷ বিশৃংখল বুলি স’ততে বদনাম পোৱা প্ৰাণৰ শিল্পীগৰাকীয়ে সেউজ মন এটা সদায় অত্যন্ত আকুলতাৰে সযতনে লৈ ফুৰিছিল৷ তাৰ সুবাস তেওঁৰ অমিয়া কণ্ঠৰ সমানেই সুখদায়ক৷ সেয়ে হয়তো অমৃত কণ্ঠেৰে নিগৰিছিল–
সেউজীয়া মন সেউজীয়া প্ৰাণ
সেউজীয়া যৌৱন সেউজীয়া গান
সেউজীয়া দিন মোৰ সেউজীয়া নিশা…
আশা মোৰ আশা এখনি সৰৱ নৈ…
অসমৰ ক্ৰমবৰ্ধমান পাৰিবেশিক সমস্যাৰ সমাধানত জনসাধাৰণ, চৰকাৰ তথা চৰকাৰী বিভাগ, বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ উমৈহতীয়া পদক্ষেপ অনস্বীকাৰ্য৷ কিন্তু এই ক্ষেত্ৰত আন্তৰিকতা, আগ্ৰহ, অংশগ্ৰহণ সন্তোষজনক নহয়৷
সেয়েহে কোনে, কাৰ জৰিয়তে এইবোৰ বিষয় আলোচনা কৰিলে সুফল আশা কৰিব পাৰি সুযোগ পালেই দুই-একৰ লগত মত-বিনিময় কৰো৷ এয়া পেশাতকৈ মনৰ তাগিদাতহে কৰি আহিছো৷ তেনে ভিন্ন কথা-বাৰ্তাত বেছিকৈ পোৱা দুটা পৰামৰ্শ আছিল– জুবিন গাৰ্গ আৰু ধৰ্মগুৰুসকল৷ জুবিন গাৰ্গ নামটো প্ৰায় সকলোৱে লৈছিল৷ অসমৰ প্ৰকৃতি-পৰিবেশৰ সুৰক্ষাত তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণ সহায়ক হ’ব পাৰে৷ জুবিন গাৰ্গ আৰু ধৰ্মগুৰুসকলৰ জৰিয়তে এই বিষয়ে আলোচনা কৰিলে হেনো এই জটিলতৰ সমস্যাত কিছু সফলতা আশা কৰিব পাৰি৷
জুবিন গাৰ্গে আহ্বান জনালে লাখ লাখ অনুৰাগীয়ে শুনিব, মানিবও ৷ তদুপৰি জুবিনে নিজেই তেনে কাম কৰি এক আদৰ্শ ইতিমধ্যেই দাঙি ধৰিছিল৷ বন-বন্যপ্ৰাণী সংৰক্ষণৰ অন্তৰ্নিহিত গুৰুত্বও জুবিনে বুজে৷ আনহাতে প্ৰায় সকলো ধৰ্ম, ধৰ্মীয় শাস্ত্ৰই প্ৰকৃতি, জীৱ-জন্তুৰ ৰক্ষণাবেক্ষণত গুৰুত্ব প্ৰদান কৰিছে৷ আমাৰ তেনে অনানুষ্ঠানিক কথোপকথনত আৰু এটা কথা ওলাইছিল– এই দুই পক্ষৰ লগত লাখ লাখ ভোটাৰ জড়িত আছে, গতিকে চৰকাৰে ইচ্ছা নাথাকিলেও তেওঁলোকৰ আহ্বান মানিব৷ কথাটো সঁচাকৈ মনকৰিবলগীয়া৷ ৰাইজৰ জুবিনৰ প্ৰতি থকা আস্থাই আমাক চুই গৈছিল৷ আমি অমানিশাৰ আন্ধাৰত আশাৰ এগছি বন্তি দেখিছিলো৷
ঐ নাহৰ ঐ নাহৰ…
ইউকেলিপ্টাছৰ দৰে ওখ হ’ব খোজা জুবিন গাৰ্গৰ প্ৰকৃতিৰ প্ৰতি থকা নিভাঁজ ভালপোৱাৰ চানেকি অনেক৷ তেওঁ প্ৰকৃতিৰ ক্ষতি হ’ব পৰা কোনো কামকে মানি ল’ব পৰা নাছিল৷ তেনে যিবোৰ সমস্যা কিম্বা কাম নিজৰ পৰ্যায়ত সমাধান সম্ভৱ সেয়া তেওঁ নিজেই লাগি-ভাগি সমাধান কৰিছিল৷ য’ত মাত মতাৰ প্ৰয়োজন আছিল আপোচবিহীনভাৱে নিজৰ মত ব্যক্ত কৰিছিল৷
স্বভাৱত বৰ উৎপতীয়া শিল্পীজনে বন-বন্যপ্ৰাণীৰ সংৰক্ষণৰ কথা-বতৰাত পৰম একাগ্ৰতাৰে ভাগ লৈছিল৷ একান্তমনে দুহাতৰ আঙুলি ফুটাই ফুটাই সেই কাহিনী শুনিছিল– ঠিক আইতাৰ মুখত সাধু শুনাৰ দৰে৷ তেনে আলোচনাৰ মাজত তেওঁ আন কোনো প্ৰসংগ উপস্থাপন হোৱাটো একেবাৰে বিচৰা নাছিল৷ আনকি দুই-একে তেনে আলোচনাৰ মাজত আন প্ৰসংগ আনিবলৈ বিচাৰোতে জুবিনৰ পৰা ধমকি খাব লগাও হৈছিল– দেখা নাই কন্জাৰভেশ্যনৰ (বন-বন্যপ্ৰাণীৰ সংৰক্ষণৰ) কথা হৈ আছে…৷
আমাৰ বহুতৰে মনত সদায়েই ৰৈ যোৱা জুবিনৰ এখন ছবি– সেই যে পাইনজোপাক সাবটি আছিল পৰম আকুলতাৰে …৷ আহ্, কি যে গা শাঁত পেলোৱা অনুভৱ ! কেতিয়াবা সংগীতৰ অনুষ্ঠান সামৰি পুৱতি নিশাও আহি গছজোপাক সাবটি ধৰিছিল৷ আপুনি বাৰু কেতিয়াবা জুবিনৰ দৰে আন্তৰিকতাৰে চকু মুদি গছ এজোপা সাবটি পাইছেনে? এবাৰলৈ হ’লেও৷ যদি পোৱা নাই মাথোঁ এবাৰ দুই-তিনি মিনিট একান্ত মনে ডাঙৰ গছ এজোপা সাবটি চাবচোন৷ আপোনাৰ জীৱনৰ মাত্ৰ তিনিটা মিনিট দিব নোৱাৰিবনে? আপুনি লাগিলে জুবিন অনুৰাগী হওকেই বা নহওকেই, এই সামান্য কামটো কৰি অসামান্য অনুভূতি লোৱাত আপত্তি নিশ্চয় নাথাকিব৷ তেতিয়া অন্ততঃ আপুনি অলপ হ’লেও অনুভৱ কৰিব পাৰিব জুবিনে কিয় গছ-বন চৰাই-চিৰিকটি ভাল পাইছিল৷ আমাৰ বিশ্বাস গছক সাবটি ধৰাৰ আঁৰৰ বিজ্ঞানো জুবিনে ভালদৰে উপলব্ধি কৰিছিল৷ আজিকালি ‘ফ’ৰেষ্ট থেৰাপি’ বুলি যে কয় জুবিনৰ কাৰ্য তাৰেই অংশবিশেষ৷ প্ৰকৃতিৰ প্ৰতি থকা আকুলতাৰ উপৰি হয়তো অত্যন্ত ব্যস্ততাময় জীৱনৰ মাজত দেহ-মনৰ অৱসাদ আঁতৰাবলৈ জুবিনে সুবিধা পালেই সেই সুখানুভূতি ল’বলৈ বিচাৰিছিল৷ সাগৰ, নদী, অৰণ্য, চৰাই-চিৰিকটি, জীৱ-জন্তুৱে যেন জুবিনক অনবৰত হাতবাউলি মাতি থাকে৷
কিযে নকৰিছিল মানুহজনে৷ সঁচাকৈয়ে তেওঁ কৈ যোৱাৰ দৰে আজি সকলোৱে আশ্বৰ্যচকিত হৈ সুধিছে– অ’ তেওঁ এইটোও কৰিছিল, সেইটোও কৰিছিল…! বুকুত হেঁচা মাৰি থকা দুখ আৰু মনৰ ক্ষোভৰ মাজতো আজিও সকলোৱে অনাবিষ্কৃত জুবিনক আবিষ্কাৰ কৰি গৈ আছে৷ অসমৰ প্ৰাকৃতিক সম্পদৰ প্ৰাচুৰ্য আৰু সম্ভাৱনাক লৈ তেওঁ প্ৰায়েই চিন্তা ব্যক্ত কৰিছিল৷ পৰ্যটনক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাটো তেওঁৰ এক দায়িত্ব হিচাপে গণ্য কৰিছিল৷ অসমৰ পৰ্যটনৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে তেওঁ অহোপুৰুষাৰ্থ কৰিছিল৷ তেওঁ গভীৰ প্ৰত্যয়েৰে কৈছিল– আমাৰ স্বাভিমান গঁড়, চাহ, ধনেশক বাদ দি অৰ্থাৎ আমাৰ চহকী জীৱ-বৈচিত্ৰ্যক আওকাণ কৰিপৰ্যটনৰ বাবে কিদৰে আগবাঢ়িম৷ বিভিন্ন সময়ত প্ৰকৃতি, বন্যপ্ৰাণী পৰ্যটনৰ লগত জড়িত ব্যক্তিসকলক তেওঁ নানান পৰামৰ্শ প্ৰদান কৰাৰ বিষয়ে জনা যায়৷ তেওঁ আলচ কৰিছিল কিদৰে এই উদ্যোগক আৰু সবল ৰূপত প্ৰতিষ্ঠা কৰিব পৰা যায়৷
প্ৰকৃতিৰ অৱদানৰ প্ৰতি তেওঁ ইমানেই মোহাচ্ছন্ন আছিল যে জীৱনৰ এটা সময় কেৱল হাবিতেই অতিবাহিত কৰিবলৈ হেঁপাহ পুহি ৰাখিছিল৷ এক সাক্ষাৎকাৰত জুবিন গাৰ্গে এই কথা ব্যক্ত কৰিছিল৷ ব্যস্ততাৰ মাজত সুবিধা পালেই জুবিনে হাবি-জংগল, পাহাৰ-নদীৰ ওচৰ পাইছিল৷ ল’ৰালিতো হঠাৎ ৰাস্তাৰ পৰা অন্তৰ্ধান হৈ গছ-লতিকা এবোজা বুকুত সাবটি হাবিৰ মাজৰ পৰা ওলাইছিল৷
ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিৰ বনশ্ৰী ইকো-কেম্পলৈ সুযোগ পালেই গৈছিল৷ তাৰ কাষৰীয়া ল’ৰা-ছোৱালীক বন্যপ্ৰাণীৰ সংৰক্ষণৰ বাবে উদ্বুদ্ধ কৰিবলৈ প্ৰয়াস কৰিছিল৷ কেটেপাৰে চৰাই-চিৰিকটি মৰাৰ সলনি চৰাই নিৰীক্ষণৰ পৰামৰ্শ দিছিল৷ সেয়া ২০০৩-০৪ চন মানৰ কথা৷ আন ঠাইতো ইয়াৰ ব্যতিক্ৰম নাছিল৷ অসমৰ থলুৱা গছ-বনক সামৰি নিজাকৈ এখন সৰু বন-বাতিকা বা আৰ্ব’ৰেটাম প্ৰতিষ্ঠা কৰিবলৈ ইচ্চা প্ৰকাশ কৰিছিল৷ তেওঁ কায়িকভাৱে আঁতৰি যোৱাৰ মাত্ৰ চাৰিমাহ আগত, মে’ মাহত সেই বনশ্ৰীৰ পৰা মিৰিকা টেঙাৰ পুলি এটা লৈ আনিছিল৷
বন্যপ্ৰাণীৰ চোৰাংচিকাৰ প্ৰতিৰোধী অভিযানত জুবিন গাৰ্গৰ অৰিহণা অনস্বীকাৰ্য৷ ২০০৭ চনৰ আগষ্টত কাজিৰঙাত গঁড়ৰ চোৰাংচিকাৰ প্ৰতিৰোধী এক সজাগতা ৰেলীৰ আয়োজন কৰা হৈছিল৷ ভূমি নামৰ এক সংস্থাই এই অভিযানৰ গুৰি ধৰিছিল কাজিৰঙা কতৃৰ্পক্ষৰ সহযোগত৷ তেতিয়া দেশত ‘য়া আলি’ৰ জোৱাৰ তুংগত৷ এই সজাগতা কাৰ্যসূচীৰ বাবে জুবিনক যোগাযোগ কৰাত তেওঁ নিজে সক্ৰিয়ভাৱে ভাগ লোৱাই নহয়, লগত আন ২১ গৰাকী শিল্পীৰো অংশগ্ৰহণ নিশ্চিত কৰিছিল৷ ট্ৰাকত উঠি সমদল কৰিছিল৷ গান গাইছিল৷
ৰাইজক চোৰাংচিকাৰ প্ৰতিৰোধৰ বাবে আহ্বান জনাইছিল৷ চোৰাংচিকাৰীৰ পুত্তলিকাও দাহ কৰিছিল৷ ক’ব পাৰি যে ছুপাৰষ্টাৰ জুবিন গাৰ্গৰ অংশগ্ৰহণে গঁড়ৰ চোৰাংচিকাৰ প্ৰতিৰোধৰ অভিযানক এক অন্য মাত্ৰা প্ৰদান কৰিছিল৷ প্ৰসংগতে জনাই থওঁ, জুবিন গাৰ্গ উপস্থিত থকাৰ কথা শুনি তেওঁক ওচৰৰ পৰা লগ পোৱাৰ হেঁপাহেৰে বহু যুৱক-যুৱতীয়ে সেই সজাগতা অভিযানৰ স্বেচ্ছাসেৱক হৈছিল৷ মনত ৰাখিব, জুবিনৰ সংগীতত এনেই মোহাচ্চন্ন যুৱপ্ৰজন্ম, তাতে ‘য়া আলি’ৰ ডগ্মগনি৷
সেই উত্তাপত ৰাইজৰ অংশগ্ৰহণ সহজে অনুমেয়৷ সেই অভিযানৰ স্বেচ্ছাসেৱক কোনোবা আজি অসমৰ বন্যপ্ৰাণী বিশেষজ্ঞ৷ জুবিনবিহীন এক গোমা পৰিবেশত চাহৰ মাজে মাজে সিদিনা তেনে এগৰাকী যুৱকে কৈছিল জুবিনৰ বাবেই স্বেচ্ছাসেৱক হোৱা আৰু পৰবৰ্তী সময়ত পখিলাৰ প্ৰেমত পৰাৰ সৰস কাহিনী৷ কাৰ জীৱনত আৰুবা এনে কিমানকাহিনী লুকাই আছে…! জুবিন গাৰ্গৰ কায়িক অনুপস্থিতিৰ এমাহ নৌহওতেই আমি ৰোমন্থন কৰিছিলো সেই সময়– ২০০৪-০৯ অসম৷
তেতিয়া বন্যপ্ৰাণীৰ অবৈধ বেহাক লৈ জনসাধাৰণৰ মাজত বৰ বিশেষ সজাগতা নাছিল৷ তেতিয়াই জুবিনে বজাৰৰ পৰা কাছ, শৰালি, সাপকে আদি কৰি আন বন্যপ্ৰাণী উদ্ধাৰ কৰিছিল৷ আৰু এইবোৰ উদ্ধাৰ কৰি আনি চিৰিয়াখানাক দিয়াৰ লগতে পুখুৰী-বিল, হাবি-জংগলত এৰি দিছিল৷ এইবোৰ কথা জুবিনে ৰাইজক জনাইছিল৷
অসমৰ ইমূৰ-সিমূৰ ভ্ৰমি পৰিবেশন কৰা সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে জুবিনে ৰাইজক ওচৰৰ পৰা পাইছিল৷ সেই মঞ্চ তেওঁ কেৱল সংগীতৰ বাবেই ব্যৱহাৰ কৰা নাছিল, জনসজাগতাৰ বাবেও ব্যৱহাৰ কৰিছিল৷ তাত পৰিবেশৰ সুৰক্ষা, বন্যপ্ৰাণী, হাবি-জংগলৰ সুৰক্ষাৰ বিষয়ে প্ৰায়েই নিজ অভিমত আগবঢ়াই×ছিল৷ এই প্ৰয়াসৰ প্ৰভাৱ আছিল অত্যন্ত ইতিবাচক৷ জুবিনৰ সেই প্ৰচেষ্টাৰ ফলত বজাৰত কাছৰ অবৈধ বিক্ৰী বহুখিনি কমিছিল৷ হাট-বজাৰত মানুহে জুবিনৰ আহ্বানৰ কথা আলচ কৰিছিল৷ আনকি বনৰ চৰাই-চিৰিকতি, কাছ আদি মৰাৰ সলনি নিজে হাঁহ-কুকুৰা পুহি খাবলৈকো জুবিনে বহুবাৰ আহ্বান জনাইছিল৷
কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ্বাসন আৰু সংৰক্ষণ কেন্দ্ৰৰ লগত জুবিন গাৰ্গৰ নিবিড় সম্পৰ্ক আছিল৷ কেন্দ্ৰটোৱে বানত উদ্ধাৰ কৰা এটা গঁড়কো জুবিনে এডপ্ট কৰিছিল মানে ভৰণ-পোষণৰ দায়িত্ব লৈছিল৷
সম্ভৱতঃ ২০০৮ চন৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তেতিয়া কেমেৰা ট্ৰেপৰ সহায়ত ঢেকীয়াপতীয়া বাঘৰ গণনা চলি আছিল৷ জুবিনে কেনেবাকৈ এই বিষয়ে জানিব পাৰিলে৷ কেমেৰা ট্ৰেপৰ সহায়ত বাঘ-গণনা¸ কেনেকৈ কৰা হয় নিজে কাজিৰঙাৰ ভিতৰত গৈ চাবলৈ তেওঁ ইচ্চা প্ৰকাশ কৰিছিল৷ অৱশ্যে কিবা কাৰণত সেয়া হৈ নুঠিল৷
সাধাৰণতে দিনত শুই থকা মানুহজনে দোকমোকালিতে শোৱাপাটী এৰে বুলি ক’লে বহুতে বিশ্বাস নকৰিব৷ কিন্তু জুবিনে হাবি-জংগলৰ কাষ পালে চৰাই চাবলৈ পুৱাই ওলাই গৈছিল৷ সেই সুন্দৰ মুহূৰ্তত নিয়ৰৰ টোপাল গচকি তেওঁ হেৰাই গৈছিল জাক জাক চৰাইৰ কলৰৱৰ মাজত৷ নৌকা বিহাৰ কৰি ভালপোৱা জুবিনে এবাৰ হেনো ৰাতি নাৱৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত জাপ মাৰি দিছিল৷ চাগৈ খেয়ালী মনটোৱে কাণে কাণে কৈছিল ব্ৰহ্মপুত্ৰৰ বিশালতাক সাঁতুৰি জুখি চাবলৈ৷
মনলৈ আহিছে আন এটা ঘটনা৷ স্থান মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিৰ ভূটান চকী৷ ২০১৪ চনৰ জুন মাহ৷ এই ঠাইৰ প্ৰাকৃতিক শোভা উপভোগৰ বাবে এতিয়াও বহু লোক যায়৷ জুবিনেও তেওঁৰ সহযোগী, পত্নী গৰিমা গাৰ্গৰ স’তে মানাহৰ কোলাত এখন্তেক জিৰণি লৈ গা-মন সতেজ কৰিবলৈ বুলি গৈছিল৷ তাত থকা-মেলাৰ সা-সুবিধা বুলিবলৈ বিশেষ একো নাই৷ ‘আৰণ্যক’ নামৰ পৰিবেশ-ধৰ্মী সংগঠন এটাই স্থানীয় সংগঠনৰ সহযোগত তাত বালি-শিলৰ ওপৰতে এখন নাৰ্চাৰী প্ৰতিষ্ঠা কৰিছিল৷ তেওঁলোকে তাত থকা জলসিঞ্চন বিভাগৰ কোৱাৰ্টাৰ এটাত জুবিনৰ থকাৰ ব্যৱস্থা কৰিলে৷ কিন্তু জুবিনে নিশা কটালে নাৰ্চাৰীৰ কাষতে থকা এটা অতি সাধাৰণ ঘৰত৷ সংগীতৰ তালত জুবিনৰ উজাগৰী নিশা শেষ হওঁ হওঁ৷ তেতিয়া সময় প্ৰায় ৬ বাজিছে৷ জুনৰ সেই পুৱতি নিশা জুবিনৰ শোৱা কোঠাৰ কাষত ভেকুলীয়ে টোৰ্টোৰাইছে৷ এসময়ত জুবিনে স্বভাৱসুলভ আচৰণেৰে সিহঁতক উদ্দেশ্যে ক’লে– ঐ, এইটো মোৰহে স্কেল… মোৰ স্কেলত তহঁতে গাইছ কিয়? মোৰ ওচৰলৈ আহিবি, সা ৰে গা মা শিকাই দিম…৷ অনুভৱৰ ইমান সৰল প্ৰকাশ এখন সৰল অন্তৰৰ বাবেহে সম্ভৱ৷ সমগ্ৰ প্ৰকৃতিখনেই আছিল জুবিনৰ বুকুৰ আপোন৷ ভূটান চকীৰ স্থানীয় সংগঠনৰ পৰিবেশ সংৰক্ষণৰ কামত সহায় কৰিবলৈ তেওঁ ফুটবল প্ৰতিযোগিতা আয়োজন কৰিবলৈ বিচাৰিছিল৷
গছ ভালপোৱা জুবিনে তেওঁৰ অনুৰাগীসকললৈ আহ৩ান জনাইছিল নিজৰ চৌহদত এজোপা নাহৰ ৰুবলৈ৷ তেতিয়া হেনো জুবিনক সেই গছৰ মাজতেই পাব৷ গছৰ ভিতৰত নাহৰ জুবিনৰ অন্যতম প্ৰিয় আছিল৷ আমি জুবিনৰ আদৰ্শক বিশ্বাস কৰোৱেই বা নকৰোৱেই, গছে আমাক উপকাৰ দিবই৷ বৰ্তমানত জীয়াই থকাৰ ওপৰত বিশ্বাস ৰখা জুবিনৰ এই আহ্বান তেনেই স্বাভাৱিক৷
জুবিনে নিজেই বিভিন্ন ঠাইত গছ ৰুইছিল৷ তদুপৰি জুবিনে খুব সঘনে কৈছিল যে তেওঁক গামোছা দিয়াতকৈ গছ আৰু কিতাপ দিবলৈ৷ আজি বহুতে জুবিনৰ স্মৃতিত নাহৰৰ পুলি ৰোপণ কৰিছে৷ আশা কৰো সেই পুলিবোৰৰ তেওঁলোকে সঠিককৈ প্ৰতিপালনো কৰি আছে৷ অসম জাতীয় বিদ্যালয়ৰ এচাম শিক্ষাৰ্থীয়ে লোৱা এক সাক্ষাৎকাৰত প্ৰকৃতিৰ লগত জুবিনৰ সম্পৰ্ক বিষয়ত কৈছিল–‘‘আমাৰ কেম্পবোৰ চলি থাকে নহয়.. গোটেই অসমৰ বেলেগ বেলেগ ঠাইত৷ মোৰ ফেন ক্লাবৰ ল’ৰা-ছোৱালীবোৰে এইবোৰ কামতে ব্যস্ত থাকে৷ মই কৈ দিওঁ,‘আইডিয়া’ দিওঁ মই, সিহঁতে তেনেকৈয়ে কৰে, বিভিন্ন ঠাইত৷ প্ৰত্যেক বছৰে থাকে আমাৰ এই কেম্প বিলাক, কৰ্মশালা বিলাক৷ বহুত হাজাৰ হাজাৰ গছ ৰুৱাইছো মই, নিজেও ৰোওঁ৷’’ আকাশ, বিশেষকৈ ৰাতিৰ আকাশ, পাৰাপাৰহীন সাগৰ ভালপোৱা জুবিন গাৰ্গে কণমাণিহঁতৰ স’তে বাৰ্তালাপ কৰিছিল এইদৰে, তাকো এখন হাতেলিখা আলোচনীৰ বাবে৷ পাছত বিদ্যালয়ৰ বছৰেকীয়া প্ৰকাশত এয়া ছপা আকাৰে ওলাইছিল৷
কাজল বৰণী হৰিণী…
মানুহৰ জীৱনৰ প্ৰথম তিনিটা বছৰ বৰ গুৰুত্বপূৰ্ণ৷ অৱশ্যে সেই সময়ৰ প্ৰায়বোৰ ঘটনা-পৰিঘটনাই পৰৱৰ্তী বয়সত আমাৰ স্মৃতিত ধৰা নিদিয়ে৷ অথচ পাছৰ জীৱনটো এই থোকাথুকি জীৱনৰ অভিজ্ঞতাই একপ্ৰকাৰ গঢ় দিয়ে৷ অৱচেতন মনত ই স্থায়ী সাঁচ বহুৱায়৷ জীৱনবোধৰ ভেটিও এই সময়ত আল-জাল ৰূপত নিমাৰ্ণ হয়, যি ক্ৰমে সময়ৰ আঁচোৰত পূৰঠ হয়৷ সেয়েহে শৈশৱত পৰিয়াল, পৰিবেশৰ ভূমিকাক বিশেষ গুৰুত্ব দিয়া হয়৷ প্ৰকৃতিৰ প্ৰতি জুবিনৰ দুৰ্বাৰ ভালপোৱা, প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি স্বতঃস্ফূৰ্ত সঁহাৰিৰ অন্তৰালত গ’ল্ডিৰ [জুবিনৰ শৈশৱৰ নাম] পৰিয়াল, শৈশৱৰ পাৰিবেশিক বাতাৱৰণৰ ভূমিকা অন্যতম বুলি ভাব হয়৷ তুৰা, বিজনী, তামুলপুৰ, তেজপুৰ, কৰিমগঞ্জ আদিত শিশু গ’ল্ডিয়ে লাভ কৰা অভিজ্ঞতাই প্ৰাপ্তবয়স্ক জুবিনৰ মনত সচেতন ৰূপত নদ-নদী, হাবি-জংগল, জীৱ-জন্তুৰ প্ৰতি দায়িত্ববোধ, অনুকম্পাৰ জন্ম দিছিল বুলি ক’ব পাৰি৷ সেয়েহে জুবিনে অপ্ৰয়োজনত গছ কাটিবলৈ নিদিয়াৰ পিতৃৰ সিদ্ধান্তৰ প্ৰতি সদায়েই সন্মান প্ৰদৰ্শন কৰা দেখা গৈছিল৷ নিজেও একেটা পথেৰেই আগবাঢ়িছিল৷ বান আহিলেই কুশিয়াৰা, লংগাৰ বানৰ অভিজ্ঞতাই স্বয়ংক্ৰিয়ভাৱে হয়তো তেওঁক সচেতন কৰি তুলিছিল৷ বানাক্ৰান্তক – মানুহেই হওক বা পশু-পক্ষীয়েই হওক– সহায় কৰিবলৈ হাতে-কামে লাগি ধৰিছিল৷ আনলৈ আশা পালি ৰৈ থকাতো জুবিনৰ আদৰ্শৰ পৰিপন্থী৷ কাজিৰঙাত বানত পশুপক্ষীৰ কষ্ট দেখি তেওঁ যথেষ্ট মানসিক কষ্ট পাইছিল৷ পাৰ্যমানে সহায়-সহয়োগ কৰিছিল৷ নিৰন্তৰ খবৰ লৈছিল বান পৰিস্থিতিৰ৷ বানত ৰাইজক সহায় কৰিবলৈ জুবিনে কৰা প্ৰচেষ্টাৰ বিষয়ে প্ৰায় সকলোৰে জ্ঞাত৷
জুবিনৰ আনৰ প্ৰতি থকা সহানুভূতিশীল মনটোৰ কথা এতিয়া সকলোৱে বুজিব পাৰিছে৷ তেওঁ আনৰ দুখ সহ্য কৰিব পৰা নাছিল৷ আমি সাধাৰণ মানুহে ‘আন’ৰ বুলিলে মানুহৰ কথাকে বুজো৷ কিন্তু জুবিনৰ বাবে ‘আন’ৰ পৰিসৰ ব্যাপক, তাত মানুহৰ লগতে নয়নাভিৰাম প্ৰকৃতিখনো এৰাব নোৱৰা অংগ৷ কপিল ঠাকুৰে ‘পিতৃৰ দৃষ্টিত জুবিন’ গ্ৰন্থত লিখিছে– ‘‘জুবিনৰ জন্তু-জানোৱাৰৰ প্ৰতি প্ৰীতি দেখি চৰকাৰী কোৱাটাৰ্ৰত এখন মিনি জু খুলিছিলো…৷’’ ময়ুৰ পোৱালী যতন লৈ ডাঙৰ-দীঘল কৰি মন্দিৰত গোটাই দিয়া, আঘাতপ্ৰাপ্ত হৰিণাক শুশ্ৰূষা কৰা, হাইঠা চৰাই পকেটত ভৰাই স্কুললৈ নিয়া আদি অনেক কাম তেওঁ পৰম আগ্ৰহেৰে কৰিছিল৷ আনকি বাঘ পোহাৰ দৰে অসম্ভৱ যেন লগা কামো তেওঁ কৰা বুলি বহুবাৰ উল্লেখ কৰিছিল৷ ইয়াৰ উল্লেখ কপিল ঠাকুৰৰ কিতাপতো পোৱা যায়৷ সাপক সুৰুৰে পৰা ভালপোৱা জুবিনে সাপ উদ্ধাৰকাৰ্যতো সহযোগিতা আগবঢ়াইছিল৷ এবাৰ ১৩ ফুট দীঘল ফেঁটী সাপ এডাল কাজিৰঙাত এৰি দিয়াৰ কথাও জুবিনে নিজেই কৈ গৈছে৷ মধুসুদন গাৰ্গ, উদাসিনী গাৰ্গ (বগলী), কাকু গাৰ্গৰ (কাউৰী) দৰে কিমানকবা জুবিনে মৰমেৰে আকোঁৱালি লৈছিল…৷ বিভিন্ন সময়ত জীৱ-জন্তুবোৰ জুবিনৰ ওচৰলৈ নিজে নিজেই আহে৷ খাৰঘূলিৰ ষ্টুডিঅ’লৈ ধুমুহাৰ মাজত অহা তেনে এটা বান্দৰ পোৱালীয়েই হ’ল মধুসূদন৷ বান্দৰ বুলিলে মস্ত উৎপতীয়া জন্তুটোৰ ছবি মনলৈ আহিলেও মধুসূদনে জুবিনৰ লগত একেলগে আছিল৷ কোনো অশান্ত পৰিস্থিতিৰ সৃষ্টি কৰা নাছিল৷ এবাৰ বাটৰ পৰা অনা মুৰ্গী পোৱালী এটা জুবিনে লগত লৈ ফুৰিছিল৷ পোৱালীটোৱে পকেটৰ পৰামাজে মাজে মূৰটো উলিয়াই ভূমুকি মাৰে৷ তেনেকৈ সি ডাঙৰ হৈছিল৷ ঘৰত হাঁহ জাকৰ লগত সময় কটোৱা, ক’ৰবাত এজাক বান্দৰক খাদ্য দি থকা, কান্ধত ভাটৌ চৰাই এটি লৈ কথা পাতি থকা আদি অসংখ্য অভিজ্ঞতাই প্ৰকৃতিপ্ৰেমী জুবিনক অনন্য ৰূপ প্ৰদান কৰি গৈছে৷
যুগস্ৰষ্টা জুবিনৰ শেষ বিদায়ত পোহনীয়া কুকুৰ চাৰিটাকো– ৰেম্ব’, টিয়া, মায়া, ইকোক বিদায় জনাবলৈ লৈ অনা কথাটোৱে প্ৰমাণ কৰে ইহঁতৰ প্ৰতি জুবিনৰ কিমান মৰম আছিল৷
তুৰাত পিতৃয়ে পুৱাই খুলি দিয়া খিৰিকিখনেৰে সোমাই অহা ৰৌদ্ৰস্নাত শীতল বতাহজাকে জুবিনক যেন গোটেই জীৱন আৱৰি ৰাখিছিল৷ তেওঁৰ প্ৰকৃতি প্ৰেমৰ বীজ হয়তো তেতিয়াই অংকুৰিত হৈছিল৷ পিতৃয়ে বিশ্বাস কৰে জুবিনৰ সংগীতৰ সফলতাত পুৱাৰ সেই পৰিষ্কাৰ বতাহৰ অৰিহণা আছে৷ একেদৰে আমাৰ বিশ্বাস প্ৰকৃতিৰ প্ৰতি জুবিনৰ আনুগত্যতো সেই বতাহজাকৰ অৰিহণা নিশ্চয় আছে৷
ভবা কথা নহয় সিদ্ধি…
স্বাভিমানী প্ৰকৃতিপ্ৰেমী জুবিনে বৰ অসমক লৈ অযুত সপোন পুহি ৰাখিছিল৷ আমাৰ চহকী জীৱবৈচিত্ৰ্যক বিশ্ববাসীৰ আগত দাঙি ধৰাৰ সপোন এটায়ো সংগপোনে জুবিন বুকুত ডাঙৰ হৈ আহিছিল৷ অসমৰ ৰিজাৰ্ভ ফৰেষ্ট, সুৰক্ষিত বনাঞ্চলৰ আদিৰ বিষয়ে আমি ভালকৈ নাজানো৷ আমি ৰাষ্ট্ৰীয় উদ্যান আৰু নিৰ্দিষ্ট কেইখনমান অভয়াৰণ্যৰ বাহিৰে বাকীবোৰ সম্পৰ্কে বিশেষ খবৰ নাৰাখো বা তথ্যও সহজে উপলব্ধ নহয়৷ সুৰক্ষিত বনাঞ্চল আৰু সংৰক্ষিত বনাঞ্চলক লৈ জুবিন গাৰ্গে এটা বিশাল প্ৰকল্পৰ কামত বহুখিনি আগবাঢ়িছিল৷ তেওঁৰ ইচ্ছা আছিল অসমৰ সকলো সুৰক্ষিত বনাঞ্চল (ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য) আৰু ৰিজাৰ্ভ ফৰেষ্ট বা সংৰক্ষিত বনাঞ্চলক লৈ এলানি তথ্যচিত্ৰ নিৰ্মাণৰ৷ এয়া অ’টিটি প্লেটফ’ৰ্মৰ জৰিয়তে সম্প্ৰচাৰ কৰাৰ কথাও ভাবিছিল৷ আমাৰ আপোন মানুহখিনিয়েও জানিব, উপভোগ কৰিব আমাৰ এই বিনন্দীয়া প্ৰাকৃতিক শোভা, আৰু বিশ্ববাসীয়েও৷ পৰ্যটনৰ ক্ষেত্ৰখনো লাভাম্বিত হ’ব, কিন্তু সময়ে অনুমতি নিদিলে৷
‘জুলু’ৰ কথা হয়তো আমি সৰহভাগেই জুবিনৰ মুখত শুনিছো৷ বন-বন্যপ্ৰাণীৰ সংৰক্ষণৰ প্ৰতি জুবিনৰ সদিচ্চাৰ বাবেই সম্ভৱ হৈছিল সেই বিষয়-বস্তুৰ নিৰ্বাচন৷ বনৰীয়া ম’হ জুলুক লৈ আন এখন সপোনৰ চিনেমা নিৰ্মাণ কৰিব বিচাৰিছিল তেওঁ৷ কিন্তু সেই আশাও অসম্পূৰ্ণ হৈ ৰ’ল৷ সময়ক জুবিনে এইবাবেই হয়তো ভয় কৰিছিল৷
ৰ’দ ৰ’দ আজি কেনি পাওঁ…
গুৱাহাটীৰ খাৰঘূলিত জুবিন গাৰ্গৰ ঘৰটো নিমাৰ্ণৰ সময়ত তিনিজোপা গছ – জলফাই, অমৰা আৰু কৰ্দৈ কাটিব লগা পৰিস্থিতি এটাৰ উদ্ভৱ হ’ল৷ জুবিন গাৰ্গৰ যুক্তি– গছকেইজোপা জুবিনতকৈ আগতে সেই ঠাইত আছে, গতিকে তেওঁ গছকেইজোপা কিয় কাটিব? সেই ঠাইত গছকেইজোপাৰ অধিকাৰহে বেছি৷ জুবিনৰ এই অনুভৱ উপলব্ধিৰ বিপৰীতে বেছিসংখ্যক গৃহস্থৰ বা বিভাগৰ কিবা নিৰ্মাণকাৰ্যৰ আৰম্ভণিতে প্ৰথম কাম হ’ল চৌহদৰ গছবোৰ কাটি ঠাইখন মুকলি কৰি লোৱা৷ ৰাস্তা এটা, দলং এখন, ফ্লাই অ’ভাৰ এখন নিৰ্মাণ কৰিম বুলিলেও প্ৰথম কাম একেটাই– গছ, নদী, জলাশয় আদিৰ বুকুত প্ৰথম ঘাপটো মৰা৷ এই সোঁতৰ বিপৰীতে জুবিনে প্ৰায়েই নিজৰ কৰ্মৰ উদাহৰণেৰে ৰাইজক, চৰকাৰক প্ৰকৃতি তথা বন্যপ্ৰাণী সংৰক্ষণৰ গুৰুত্বৰ প্ৰতি সচেতন হ’বলৈ আহ্বান জনাইছিল৷ গছ থাকিলেহে চৰাই আহিব– এই কথাটোও জুবিন গাৰ্গে দীঘলীপুখুৰী পাৰত বহি জনাবলগীয়া হোৱাত দুখ পাইছিল৷ দীঘলীপুখুৰী পাৰৰ গছবোৰ, সেই গছৰ ওপৰত নিৰ্ভৰ কৰি থকা অসংখ্য জীৱৰ অধিকাৰৰ বাবে সজোৰে মাত মাতিছিল৷ গুৱাহাটীৰ জোনালীস্থিত জুবিনৰ ‘জেদ জি’ ষ্টুডিঅ’ৰ চৌহদটোক সেউজীয়া কৰি ৰাখিছিল৷ কিন্তু ৰাতি গছবোৰৰ ওচৰত লাইট দিয়া নাছিল৷ কাৰণ নিশাচৰ চৰাই, বাদুলী আদিয়ে পোহৰৰ পৰিবেশৰ স’তে খাপ খাবলৈ অসুবিধা পালে সেই ঠাইলৈ নহা হ’ব৷ এইধৰণৰ বিজ্ঞানসন্মত মানসিকতা, সচেতনতা, দায়িত্ববোধ কিমানৰ আছে বাৰু?
জুবিনে উপলব্ধি কৰাৰ দৰে গছৰ অধিকাৰ, বন্যপ্ৰাণীৰ অধিকাৰ, নৈ-পাহাৰখনৰো যে অধিকাৰ থাকিব পাৰে– আমি বাৰু কেতিয়ালৈ সঠিকভাৱে উপলব্ধি কৰিবলৈ সক্ষম হ’ম? হ’মনে কেতিয়াবা? প্ৰকৃতিপ্ৰেমী জুবিনে পশুৰ বলি বিধানৰো বিৰোধিতা কৰিছিল৷ এই কাৰ্যক তেওঁ নিষ্ঠুৰতা বুলিয়েই ভাবিছিল৷ এনে কামৰ বাবে তেওঁক পেটা ইণ্ডিয়াই (PETA) ‘হিৰো টু এনিমেল’ (Hero to Animal) বঁটাৰে সন্মান প্ৰদান কৰিছিল৷
সংগীতৰ মাজেৰেও জুবিনে আমাক সজাগ কৰিবলৈ নিৰন্তৰ চেষ্টা কৰিছিল৷ জুবিনৰ সেই অসমীয়া-হিন্দী মিশ্ৰিত গানটোৱে মন মগজুক জোকাৰি যায়–
হে শুনা শুনা ৰাইজ হেৰা
পাহাৰৰ সেউজীয়া ৰংবোৰ নোহোৱা হ’ল
কোনোবা বনিকে আহি ধনৰ টোপোলা ঘটি
পাহাৰকো বেচি থৈ গ’ল
ৰংবোৰ নোহোৱা হ’ল….
….চুন’ৰে চুন’ৰে ভাই
পাহাৰ কী হৰিয়ালী
নাজানে খোঁ গ্যেয়ী ক্যাঁহা…
পেৰ পধো কী সংগ্ হী হমে ৰেহ্না….
গছ-বন, পাহাৰ-অৰণ্য, নৈ-জলাশয়ৰ স্বকীয়তাক অনিষ্টসাধন নকৰাকৈ আমাৰ উন্নয়নৰ সপোনবোৰ পূৰ কৰিব পৰাকৈ আমি মন চিন্তা প্ৰজ্ঞাৰ ধনী হ’ব পাৰিছোনে? এই দিশত জুবিন ঈৰ্ষণীয়ভাৱে ধনী আছিল৷ মানৱদৰদী জুবিন গাৰ্গে বিচাৰি থকা অসমখনৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু প্ৰাচুৰ্যক আমি ধৰি ৰাখিবলৈ পাৰিমনে? তেওঁ নিজে কৰি দেখুওৱাৰ দৰে আমি অন্ততঃ ব্যক্তিগত পৰ্যায়ত হাতে-কামে সামান্য অৰিহণা যোগাব পাৰিলেও জুবিনৰ প্ৰয়াস সাৰ্থক হ’ব৷ আমি নিজৰ বাবে, প্ৰকৃতিৰ বাবে, জুবিনৰ বাবে এচেৰেঙা ৰ’দ হ’বলৈ পাৰিমনে? সেই ৰ’দ আজি কেনি পাওঁ…?
