গৌৰা বৈদ্য
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া হাতীৰ আক্ৰমণ আৰু মোৰ দ্বিতীয় জন্ম
“মোৰ কলমেৰে”
সময় তেতিয়া ৰাতিপুৱাৰ ৩:৫০ মিনিট। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনাঞ্চলীক কাৰ্যালয়ৰ Wireless Duty ত থকা বনকৰ্মী লঙ্কেশ্বৰ ডেকা (যাক মই লঙ্কে দা বুলি সম্বোধন কৰো) তেওঁ মোক ফোন কৰে।
মই যিহেতু ৪ বজাৰ আশে-পাষে শুই উঠো, আমাৰ K9 Veera আৰু মই খোজ কাঢ়িব যাওঁ । লঙ্কেশ্বৰ ডেকা (লঙ্কে দা) মোক ফোন কৰে, জৰুৰী K9 Veera ৰ ডিউটি ওলাইছে বুলি ভাবি মই লগে লগে ফোনটো ধৰো । ফোনটো ধৰাৰ লগে-লগে তেওঁ (লঙ্কেশ্বৰ ডেকা) মোক কয় যে Wireless Duty কৰা ঘৰটোত হাতীয়ে ঘৰ ভাঙিছে (যিহেতু Wireless ঘৰটোত কেম্পৰ হাতীৰ বাবে অনা হাতীৰ খাদ্য বুট, চিৰা, গুড় এইবিলাক থাকে)। আপোনাৰ কোঠাৰ পৰা দেখা পাই নেকি চাওঁক চোন। তেওঁ আৰু কয় মই Wireless ঘৰটোৰ পৰা পলাই আহিছোঁ বুলি।
তেতিয়া মই শুই থকা কোঠাটোৰ খিৰিকিৰ পৰ্দাখন আঁতৰাই চাওঁ, কিন্তু Wireless Duty কৰা ঘৰটোত কোনো হাতী দেখা নাপাওঁ। খিৰিকীৰে একো দেখা নাপাই মই বাহিৰৰ বাৰান্দাখনত ওলাই আহোঁ, কিন্তু তেতিয়াও তাত কোনো হাতী মই দেখা নাপাওঁ।
তাৰ পিছত ৰাস্তাত (বনকৰ্মী) লঙ্কেশ্বৰ ডেকা, এম বাহাদুৰ, তিলক গগৈক দেখা পাওঁ। তেতিয়া মইয়ো বাৰান্দাৰ পৰা নামি বাহিৰলৈ ওলাই আহোঁ। আমি কাৰ্যালয়ৰ আগফালে থকা ঔটেঙা (কাৰ্যালয়ৰ আগফালে এজোপা ঔটেঙাৰ গছ আছে) গছজোপাৰ তললৈ আহি দেখা পাওঁ যে বনৰীয়া হাতীটোৱে Wireless Duty কৰা ঘৰটোৰ য’ত কেম্পৰ (Duty কৰা হাতী) হাতীৰ বাবে ৰখা খাদ্যবিলাক খিৰিকি ভাঙি খাই আছে।
আমাক দেখা লগে লগে সেই বনৰীয়া হাতীটোৱে আমাক খেদি আহে। আমি সকলোৱে এটা ফালেদি দৌৰি যাওঁ, কিন্তু ঘাহত পিছলি যোৱাৰ কাৰণে মই পৰি যাওঁ।
মই পৰি যোৱাৰ লগে লগে হাতীটোৱে আগফালৰ ভৰিৰে মোক মোৰ পিঠিত এটা গোৰ মাৰি বাকি মানুহকেইজনক খেদি যায়। যদিও মাত্ৰ দুখোজ মান গৈয়ে যেতিয়া হাতীটো ঘুৰি আকৌ মোৰ ফালে চোচা লৈ আহিব লওঁতে (যিহেতু এটা প্ৰকাণ্ড হাতী ঘুৰিবলৈ ৫-৬ ছেকেণ্ড মান সময় লাগি যায়), মই কোনোমতে উঠি চোচৰি-বাগৰি ওচৰতে থকা কোৱাৰ্টাৰ এটাত সোমাই যাওঁ।
মোৰ লগত এটা মোবাইল ফোন আছিল, যিটো পকেটৰ পৰা উলিয়াই পেলাই দিয়া কাৰণে হাতীটোৰ পৰা আৰু অলপ ৰক্ষা পৰো (মোবাইলটো ভৰিৰে গছকি সম্পূৰ্ণ ভাঙি পেলাই)।
লগে লগে বিনিতা বাইদেউক ফোনযোগে ঘটনাটো অৱগত কৰা হয়। যিহেতু বিনিতা বাইদেউ মানাহ ৰাষ্ট্ৰীয় উদ্যানত থাকে, তেওঁ কথাষাৰ শুনা মাত্ৰ গুৱাহাটীলৈ ৰাওনা হয়।
তাৰ পাছত বনবিভাগৰ গাড়ীৰে মোক মঙ্গলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়। মোৰ লগত বনবিভাগৰ বনকৰ্মী Biswajit Rabha, Rahul Loying আৰু Hozorat Ali তেওঁলোকে মোক মঙ্গলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ আহে।
মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত মোক তিনিটা বিষৰ বেজী দি X-Ray এখন লিখি দি কয় আমাৰ চিকিৎসালয়ত X-Ray ব্যৱস্থা নাই, বাহিৰত কৰিব লাগিব। বাহিৰত X-Ray কৰিবলৈ হ’লে ৯ বজালৈকে ৰৈ থাকিব লাগিব। সময় তেতিয়া ৬ বাজিছিল। ৯ বজালৈ মই ৰৈ থাকিব নোৱাৰিম (বিষত থাকিব পৰা নাছিলো)। মোক গুৱাহাটীলৈ পঠিয়াই দিয়ক বুলি চিঞৰি আছিলো।
মঙ্গলদৈত মোৰ অৱস্থা বেয়া দেখি Ambulance এখনত বনকৰ্মী Rahul Loying য়ে গুৱাহাটীলৈ বুলি ৰাওনা হয়। ৮:৩০ মিনিটত মই গুৱাহাটীৰ খানাপাৰাস্থিত Health City Hospital ত আহি পাওঁ।
লগে-লগে চিকিৎসালয়খনৰ Emergency কক্ষত চিকিৎসা আৰম্ভ কৰা হয়। তাৎক্ষণিকভাৱে মোক Oparation কক্ষত লৈ যাৱলৈ যো-জা কৰি থকা সময়ত মই আৰু একো ক’ব নোৱাৰা হৈ যাওঁ। যেতিয়া মই চকু মেলি চাও, তেতিয়া ICU ৰ বিচনাত চটফটাই থকা অনুভৱ কৰিছিলোঁ।
আচলতে হাতীটোৰ আক্ৰমণত মোৰ Spleen (প্লীহা) টো Burst (ফাটি) হৈ ৰক্তক্ষণ হোৱা আৰম্ভ হৈছিল, যাৰ বাবে মোক তাৎক্ষণাত Oparation কৰিব লগা হৈছিল। Rib Fracture (কামিহাড়)ও তিনিডাল ভাঙিছিল।
১ জুনৰ পৰা ৮ জুনলৈ ICU ৰ বিচনাত কেনে এটা কষ্ট আৰু অশান্তিৰে আছিলোঁ, একমাত্ৰ মই উপলব্ধি কৰিব পাৰিছিলোঁ।
৯ জুনৰ পৰা ১২ জুনলৈ চিকিৎসালয়খনৰ Cabin ৰোমত চিকিৎসাধীন হৈ আছিলো। ১২ জুন তাৰিখে আবেলি সময়ত চিকিৎসালয়খনৰ পৰা ছুটী লৈ আহো, য’ত আৰণ্যকে মই থাকিব পৰা ব্যৱস্থা কৰি দিছিল গুৱাহাটী বেলতলাৰ এখন Homestay ৰোম এটাত। আৰু বৰ্তমানেও এই Homestay টোৰ পৰাই চিকিৎসা লৈ আছো।
এই বিপদৰ সময়ত মোৰ কাষত মোৰ সাহস থিয় দিয়া আৰণ্যকৰ প্ৰতিজন সদস্যৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে বিশেষ ভাৱে কৃতজ্ঞতা জনাব বিচাৰিছো আৰণ্যকৰ কাৰ্যবাহী সঞ্চালক (Executive Director) বিভৱ কুমাৰ তালুকদাৰ ছাৰ, বিনিতা বাৰুৱতী বাইদেউ, ববী নাথ বাইদেউ, মৃদুস্মিতা দেবী বাইদেউ, আকাশ কাকতি, তাপস মহন্ত, সুদৰ্শন চক্ৰৱৰ্তী, নয়নমণি শৰ্মা। তেওঁলোকে দিনে-ৰাতিয়ে মোৰ লগত থাকি মোক যি সহায়-সহযোগ কৰিলে, তাৰ বাবে মই তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰম।
ৰক্তদান দি জীয়াই তোলা: অৰূপ কুমাৰ দাস, আব্দুল মোকিব, মৃগেন দাস, মৃদুল দাস, প্ৰভাত বৰ্মন, বদ্ৰী বাৰুৱতী, লোকনাথ মন্ডল, হৰমোহন নাথ, বাবলো ডেকা, নিতুমণি ডেকা, শৈলেন শইকীয়া, ঋষভ বৰা। তেওঁলোকৰ ওচৰত ও কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
পৰিয়ালবৰ্গৰ লগতে সেই সকলোবোৰ মানুহৰ ওচৰত চিৰকৃতজ্ঞতা ক্ষাপন কৰিছো, যিসকলে সকলো সময়ত মোৰ কাষত মোৰ সাহস হৈ থিয় দি আছিল।
এইয়াই আছিল বনৰীয়া হাতীৰ লগত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত মোৰ সৈতে ঘটি যোৱা শিহৰণকাৰী ঘটনা সন্দৰ্ভত।

